
প্ৰতিষ্ঠাপকৰ পৰিচয়
জুইশাল: দি এথিনিক কিটছেন" লৈ আপোনালোক সকলোকে স্বাগতম। য'ত আন্তৰিক আতিথ্য আৰু অনবদ্য খাদ্যৰ সোৱাদ একেলগে মিলিত হয়। আমাৰ ৰেষ্টুৰেণ্ট জুইশালৰ মূল চালিকা শক্তি হৈছে -জিণ্টু গগৈ। তেখেত এগৰাকী অভিজ্ঞ আতিথ্য পেছাদাৰী।লগতে আনগৰাকী ব্যক্তি হৈছে - তৃষ্ণা বৰপাত্ৰ গোহাঁই। মূলতঃ তেখেতো এগৰাকী ৰেষ্টুৰেণ্ট বিষয়ক অভিজ্ঞ শিক্ষাবিদ।
এই খাদ্য উদ্যোগৰ ক্ষেত্ৰখনত জিণ্টু গগৈৰ প্ৰায় ১৪ বছৰীয়া অভিজ্ঞতাৰ লগতে তেখেতৰ বিশেষজ্ঞতা আৰু উদ্যমী আগ্ৰহে ৰেষ্টুৰেণ্টৰ প্ৰতিবিধ খাদ্যকে এক মাষ্টাৰপিচ হোৱাত অভূতপূৰ্ব বৰঙণি যোগাইছে। ইয়াৰোপৰি তৃষ্ণা বৰপাত্ৰ গোহাঁইৰ ৰেষ্টুৰেণ্ট সন্দৰ্ভত থকা জ্ঞান আৰু নতুন চিন্তাধাৰাই আমাৰ ৰেষ্টুৰেণ্টলৈ এক উষ্ম আৰু আদৰণীয় পৰিবেশ কঢ়িযাই অনাত সহায় কৰিছে, যাৰ ফলত প্ৰতিগৰাকী অতিথিয়ে এটি ঘৰুৱা মাদকতা উপভোগ কৰে।
তেওঁলোকৰ এই সুদূৰপ্ৰসাৰী যাত্ৰাৰ পথ প্ৰদৰ্শক হৈছে - তৃষ্ণা বৰপাত্ৰ গোহাঁইৰ মাতৃ মামণি বৰপাত্ৰ গোহাঁই, যাৰ কৌশলগত পৰামৰ্শই আমাৰ ৰেষ্টুৰেণ্টৰ ব্যৱসায়ক সফলতাৰ দিশে আগুৱাই যোৱাত অৰিহণা যোগাইছে।
গতিকে উৎকৃষ্ট মানদণ্ডৰ সুস্বাদু আৰু ঘৰুৱা আতিথ্যৰ স্পৰ্শৰে পৰিপূৰ্ণ থলুৱা খাদ্যৰ অভিজ্ঞতা লভিবলৈ আমাৰ "জুইশাল: দি এথিনিক কিটচেন" ৰ সৈতে যোগাযোগ কৰক।
আমাৰ 'জুইশাল: দি এথিনিক কিটচেন'ৰ খাদ্য জগতত দুঃসাহসিক অভিযানটি আৰম্ভ হৈছিল ২০১৭ চনৰ দুৰ্গা পূজাৰ প্ৰাণৱন্ত উদযাপনৰ সময়ছোৱাত। আশ্চর্যজনকভাৱে মাত্ৰ ৩দিনীয়া কৈ স্থাপন কৰা অস্থায়ী ষ্টলখনিয়ে অতি কম সময়তে খাদ্যপ্ৰেমীৰ বিপুল সঁহাৰি আৰু সমৰ্থন লাভ কৰিলে। আৰু সেয়াই আছিল আৰম্ভণি। দ্ৰুতগতিত আমাৰ খাদ্য সম্ভাৰৰ অনবদ্য সোৱাদৰ কথা সকলোৰে মুখে মুখে বিয়পি পৰিল। লাহে লাহে বহুতো খাদ্যপ্ৰেমীয়ে আহি আমাৰ ষ্টল ভীৰ কৰিলেহি। সেই সময়তে নীল আকাশ, ৰাজীৱ শৰ্মা, ভৰত শইকীয়া, কুসুম কৈলাশ আৰু জগত গগৈৰ দৰে বহু জনপ্ৰিয় শিল্পীয়ে আহি আমাক উৎসাহ প্ৰদান কৰাৰ লগতে আমাৰ খাদ্যৰ প্ৰতি থকা আকৰ্ষণক পৰৱৰ্তী পৰ্যায়লৈ লৈ যাবলৈ আহ্বান জনালে। তেওঁলোকৰ উৎসাহ উদ্দীপনা আৰু পথ প্ৰদৰ্শনে আমাক পূৰ্ণাঙ্গ ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰখনলৈ আগুৱাই যোৱাত এক চালিকাশক্তি ৰূপে ধৰা দিলে। উল্লেখযোগ্য যে - আমি যেতিয়া অৱগত হৈছিলো অসমৰ হাৰ্ট থ্র'উব জুবিন গাৰ্গে মৰাণলৈ আহি আমাৰ খাদ্যৰ জুতি ল'বলৈ ইচ্ছা প্ৰকাশ কৰাৰ কথা, তেতিয়া সেই খবৰে আমাৰ মনৰ দৃঢ়তাক আৰু অধিক শক্তিশালী হ'বলৈ ইন্ধন যোগাইছিল। আৰু এনেদৰেই তেওঁলোকৰ পৰা লাভ কৰা অটল সমৰ্থন তথা আগ্ৰহৰ ফলস্বৰূপেই আমাৰ " জুইশাল: দি এথিনিক কিটচেন"এ জন্মলাভ কৰিলে।
জুইহাল কেনেদৰে আৰম্ভ হ’ল

Our Vision
আমাৰ "জুইশাল: দি এথিনিক কিটচেন"ৰ প্ৰধান লক্ষ্য পৰম্পৰাগত অসমীয়া খাদ্যৰ অনাবিল সোৱাদক বিশ্বৰ সন্মুখত প্ৰতিষ্ঠা কৰা। বিশেষকৈ উজনি অসমৰ পৰা আৰম্ভ হোৱা আমাৰ এই প্ৰচেষ্টাক সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ চহৰবোৰলৈ সম্প্ৰসাৰণ কৰি পৰম্পৰাগত অসমীয়া ব্যঞ্জনসমূহক সকলোৰে বাবে সুলভ কৰি তোলাই হৈছে আমাৰ মুখ্য উদ্দেশ্য।

Jintu Gogoi
Founder, With over 14 years of experience in the hospitality industry, Jintu brings a wealth of expertise to the table. Graduating from Frankfin Institute, Guwahati, his journey spans various domains before establishing the Juihal Group of Restaurants in 2015."

Trishna Borpatrogohain
Co-Founder, Coming from a teaching background, she brings her expertise to Juihal. With degrees in M.A(English) and B.Ed, Trishna enhances our understanding of customer experience and contributes innovative ideas to our business.

Mamoni Borpatra Gohain
Advisor, The food expert at Juihal. Originating from Namsai, Arunachal Pradesh, Mamoni preserves the authenticity of our dishes and introduces innovative flavors. She's the mastermind behind iconic Juihal delicacies like tupula bhaat, chicken boil, pork boil, and various healthy herb-infused dishes. Her passion and creativity drive Juihal's rapid growth.

Advisor, A retired civil engineer with over 40 years of experience, his extensive travels across India have honed his knowledge of local cuisine. His passion for fresh ingredients and expertise ensure that Juihal serves vibrant, flavorful dishes to our customers.

Amrit Boruah
Designer, As the lead designer at Juihal Restaurant, he is in charge of all digital aspects including graphic design, social media management, and website maintenance. His responsibilities ensure that the restaurant’s digital presence is visually appealing and effectively communicates the brand’s ethos to engage and attract customers. His creative expertise not only enhances the visual storytelling of Juihal but also supports the restaurant's overall marketing and customer interaction strategies.